Sunday, February 28, 2021

শেষ প্ৰশ্নৰ উত্তৰ টো দি যাবা নেকি? | Assamese Love Story

Love story/প্রেম কাহিনী, assamese love sad story,শেষ প্ৰশ্নৰ উত্তৰ টো দি যাবা নেকি ?
 

হঠাৎ ফোন টো vibrate হল,


"Hii"- ফেচবুকত এটি মেছেজ।সাধাৰণতে ছোৱালীৰ পৰা মেছেজ খুব কমেই আহে বাবে কিছু আচৰিত হৈছিলোঁ। লাহে লাহে কথা বতৰা আৰম্ভ হল, আপুনিৰ পৰা তুমি হলো। ফেচবুকৰ পৰা whatsappৰ যোগে হবলৈ ধৰিলে আমাৰ কথা। দুয়ো আপোন হৈ পৰিলোঁ আমি। তাই মোৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিলে।আমি দুয়ো ভাল বন্ধু। কেতিয়াবা দুয়ো এ কিছু আউপকীয়া কৈ বুজাবলৈ চেষ্টা কৰোঁ এজনে আন জনক ভাল পোৱাৰ কথা।
এদিন ৰাতি মই কৈ পেলালোঁ,

"ঐ শুনা না"..?
তাই - "উম, কোৱা"
মই - "এ নাই নালাগে বাদ দিয়া"...
তাই- "হব গম পাইছোঁ ৰো তুমি কি কবা।
মই - "তেনেহলে কৈ দিওঁ ন"?
তাই- "উম,কোৱা সোনকালে"
মই তোমাক ভাল পাওঁ...!... আৰু গোটেই জীৱন তোমাৰেই সৈতে কটাব বিচাৰো....I LOVE U
তাই : এইটো কথা কবলৈ ইমান দিন লাগিল তোমাৰ...হব মইও তোমাক ভাল পাওঁ।I love u too.
তেনেকৈয়ে আমাৰ দুয়োৰে প্ৰেম আগ বাঢ়িল। মৰম ভালপোৱা, অভিমান সকলো আছিল আমাৰ প্ৰেমত। দুই এখন কাজিয়াও হৈছিল আৰু দুই চাৰি দিনলৈ নমতকৈও থাকোঁ এজনে আনজনক।কিন্তু সেই সকলো অভিমান ক্ষন্তেকীয়া আছিল। তাইৰ উপস্থিতিয়ে যেন মোৰ হৃদয় খনত এক নতুন ৰং সানি দিছিল।
কিন্তু হঠাৎ এদিন তাইৰ ব্যৱহাৰ সলনি হল,
তাই Online থাকিও Facebook,whatsapp ৰ মেছেজ ইনবক্সতেই ৰল,
বহুত মেছেজ দিওঁ reply নোপোৱা হলো।
এটা মেছেজ ত তাই কলে -"মই তোমাক ভাল পাব নোৱাৰিম" পৰা হয় তোমাক ভাল পাই গলো হয়।
বহু বাৰ প্ৰশ্ন কৰিলোঁ, তাই মোক ভাল পাব নোৱাৰাৰ কাৰণ টো কি ? পিছে কোনো উত্তৰ নাপালোঁ।
তাই গুচি গল, হয়তো নতুন বতাহে জোৱাৰ তুলিলে তাইৰ হৃদয়ত। কিন্তু তাইৰ প্ৰতি থকা মোৰ মৰম ভালপোৱা আজিও কমি যোৱা নাই। মাথোঁ এটাই আশা তাই সুখত থাকক।
কিন্তু এটা প্ৰশ্নও আজি মোৰ মনত থাকি গল "শেষ"প্ৰশ্ন ৰূপে...
"তাই মোৰ লগত সম্পৰ্ক টো আগুৱাই নিব নোৱাৰাৰ কাৰণ কি আছিল?"
সেই শেষ প্ৰশ্নৰ উত্তৰৰ আশাত আজিও ৰৈ আছোঁ।

লিখা- চিদাংগম ভূঞা (বিশ্বনাথ চাৰিআলি)