প্ৰিয় পঢ়ুৱৈসকল আজি আপোনাৰ সৈতে মই Assamese Love Quotes For Life বা Inspirational Assaemse Thoughts শ্বেয়াৰ কৰিবলৈ লৈছো। এইকেইটা Assamese Shayari আপুনি পঢ়ি নিশ্চয় ভালপাব বুলি মোৰ বিশ্বাস। লগত আৰু বহুতো Assamese quotes image বা ধুনীয়া axomiya quote পঢ়ি থাকিবলৈ জোনক অসমৰ সৈতে সংযুক্ত হৈ থাকক।
হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো...
চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য হেনো বিধাতাইহে লিখে।
পামনে মই নে মই পাম তোমাক?
মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা...
তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।
তোমাৰ কেমেৰাত ৰীল নাছিল...
আৰু মই হাঁহিয়েই থাকিলো।
(আমাৰ প্ৰেমৰ সময়ত dslr নাছিল)
মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি...
এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।
মোৰ চহৰত সাংঘাতিক নীৰৱতা...
কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।
কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।
বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে
তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম...
তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।
দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ...
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।
চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা...
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।
আৰু কি বৰ্বাদ কৰিব তেওঁ মোক...
ছাই হও মই, জ্বলালেও জ্বলি নাযাওঁ।
লুকাভাকুৰ খেল এই চাৰা দুনীয়া। দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত। স্বাৰ্থ লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে
তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা...
মই সুখৰ বাবে তোমাৰ সন্ধান কৰো
দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম...
সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব
কলিজাটো তোমাৰ ফালে সদায় হালে অলপ।
ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।
যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন,
আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।
তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয়
ৰাইজে সোধে "কোন ডক্তৰ, কি ঔষধ?"
