Friday, February 26, 2021

Assamese Caption (অসমীয়া কেপচন) for Social Media

 

মানুহে অতীতৰ পৰাই নিজৰ সুখ, দুখ বোৰ , মনৰ অনুভৱ বোৰ বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰি আহিছে। পুৰণি কালৰ পৰা গীত, মাত, কবিতা, কাহিনী আকাৰে প্ৰকাশ কৰি আহিছে। সেই গীত মাত, কবিতা, কাহিনী আকাৰে আজিৰ দিনটো মানুহে ভাৱ বোৰ ব্যক্ত কৰি আহিছে যদিও নতুন digital যুগত নতুন মাধ্যম হৈছে social media যোগেদি দিয়া caption, status সমূহ। এনে caption, status সমূহৰ জৰিয়তে সহজে মানুহে নিজৰ মনোভাৱ, সুখ, দুখৰ মূহুৰ্ত সমূহ আনৰ আগত দাঙি ধৰিব পাৰে।
আপুনি এখন সুন্দৰ ফটো social media সমূহত যেনে facebook, instagram, whatsapp আদিত আপলোড কৰিলে হয়টো ইমান দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিব পাৰে। কিন্তু সেই ফটোখনৰ লগত এটা সুন্দৰ caption/ Status সংযোগ কৰিলে সহজে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি।
তলত অসমীয়া ভাষাত বহু কেইটা status, caption আপোনালোকৰ সুবিধা হোৱাকৈ সংগ্ৰহ কৰি লিখিছোঁ।ইয়াত বিভিন্ন বিষয়ৰ ওপৰত caption, Status আপোনালোকৰ সুবিধা হোৱাকৈ আগবঢ়ালোঁ।





Assamese caption || caption for instagram || caption for mother's day || caption for mother love || caption for mother in Assamese || Mother's Day mothers day quotes from son ||


মোৰ সকলো বন্ধু বান্ধৱী তোমাৰ দৰে মা বিচাৰে। মই বহুত সুখী তুমি যে কেৱল মোৰ মা।


মা সকলোৰে থাকে কিন্তু তোমাৰ দৰে মা সকলোৰে ভাগ্যত নাই।


এই আধুনিক পৰিবৰ্তনৰ জোৱাৰত তোমাৰ মোৰ প্ৰতি মৰম একেই থাকিল।


সকলো পৰিস্থিতিত সাহসেৰে সন্মুখীন হবলৈ তোমাৰ পৰাই শিকিছো মা।


মই আজি যি পাইছোঁ এয়া একমাত্ৰ তোমাৰ বাবেই সম্ভৱ হৈছে।


মা সংসাৰৰ সকলো বাধা অকলেই যুঁজ দিবলৈ সক্ষম।


মা লগত মোৰ কেৱল মনৰ নহয় হৃদয়ৰো অন্তহীন সংযোগ আছে।


পৃথিৱীৰ বাবে তুমি মা, কিন্তু আমাৰ বাবে তুমিয়ে পৃথিৱী।


মা-এক প্ৰকাশ কৰিব নোৱাৰা সুখানোভূতি।


ছুপাৰহিৰো বহুত দেখিলোঁ কিন্তু মাৰ লগত কাৰো তুলনা নহয়।


মাৰ অবিহনে ঘৰ সম্পূৰ্ণ নহয়।


তুমি যিমানেই ডাঙৰ হোৱা লাগিলে, তুমি নিজে মা হোৱা লাগিলে, তোমাৰ নিজৰ মা অবিহনে আধৰুৱা।


তুমি মোৰ মা আৰু জীৱনজোৰা বন্ধু।


মই তোমাক যিমান বাৰ ভালপাও বুলি কলেও সুখী হব নোৱাৰোঁ কাৰণ মই প্ৰকাশ কৰিব পৰাতকৈ বেছি ভালপাও।



Assamese status || caption for Facebook || mothers day inspirational || mothers day quotes from daughter || caption for mother's || heart touching mothers day caption || mother's day wishes || caption for mother picture ||


ভাল বেয়াৰ মাজত পাৰ্থক্য সন্তানক এগৰাকী মাতৃৰ বাহিৰে কোনেও বেছি ভালকৈ শিকাব নোৱাৰে।


মাৰ লগত পাৰ কৰা প্ৰতিটো সময় BEST


মা ই কোৱা ধৰণে কৰিলে কোনো কামেতেই বিফল নোহোৱা।


জগতৰ সকলোৰ বাবে তুমি এগৰাকী মা কিন্তু আমাৰ বাবে মায়ে হৈছে জগত।।


মা, মই আৰু আমি, এক সুন্দৰ মিঠা অনুভৱ।


তুমি যিমানেই বেয়া হোৱা লাগিলে আনে তোমাৰ number block কৰিলেও মায়ে কেতিয়াও নকৰে।


মাৰ কোলাৰ সমান সুৰক্ষিত ঠাই এই পৃথিৱীত দ্বিতীয় খন নাই।


মোৰ বাবে জীৱনৰ সকলো ত্যাগ কৰিব পৰা একমাত্ৰ ব্যক্তি হল মোৰ অতিকৈ চেনেহৰ আই।


আই সকলো সময়ত সুখী থাকে কাৰণ আই সুখী নহলে কোনো সুখী নহয়।


আইৰ মৰমৰ প্ৰতিদান বস্তুৰে দিবলৈ চেষ্টা নকৰিবা কাৰণ তুমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিবা।


বিশ্বৰ সকলোকে অন্তহীন মৰম বুজাবলৈ এটা শব্দই যথেষ্ট, সেয়া হৈছে মা।


মোৰ মা মোৰ বাবে এক সুন্দৰ অনুভৱ, যাক মই ভাষাৰে বুজাব নোৱাৰো, কেৱল অনুভৱ কৰোঁ।


মই আনৰ দৃষ্টিত ভাল নে বেয়া সেয়া মই কেতিয়াও গুৰুত্ব নিদিওঁ, কিন্তু তোমাৰ দৃষ্টিত কেতিয়াও বেয়া হব নিবিচাৰোঁ।


মা হৈছে একমাত্ৰ ব্যক্তি যি তোমাৰ বাবে হাজাৰটা উজাগৰী নিশা কটাইছে আৰু হাজাৰটা উজাগৰী নিশা কটাবলৈ সকলো সময়তে সাজু আছে।



Bihu wish || bohag bihu wish || rongali bihu wish || bhogali bihu wish || magh bihu wish || bihu wishes || bihu wishes in assamese 


বহাগ মাথোঁ এটি ঋতু নহয়


নহয় বহাগ এটি মাহ


অসমীয়া জাতিৰ ই আয়ুস ৰেখা


গণজীৱনৰ ই সাহ।


সুধা কণ্ঠ ড° ভূপেন হাজৰিকা


বহাগৰ আগমনে যিদৰে প্ৰকৃতিয়ে নতুন সাজ পৰিধান কৰিলে সেইদৰে নতুন বছৰে তোমাৰ জীৱনলৈ 


নতুন আশা আৰু সফলতা কঢ়িয়াই আনক।


ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।





Wish you and your family a very happy Assamese New Year. Happy Bohag Bihu.

এই বহাগ বিহুৱে সমাজৰ, দেশৰ সকলোঁ অপায় অমংগল নাশ কৰি সকলোৰে মন অধিক সুখ আৰু শান্তি কঢ়িয়াই আনক, তাৰে কামনা কৰি বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ প্ৰীতি ভৰা শুভেচ্ছা জনালোঁ।


অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি আকৌ আহি পালেহি। সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


গছে পালে নতুন পাত
কুলিয়ে মাতিলে মিঠা মাত
ফুলিলে হেঁপাহৰ কপৌ পাহি
দুৰণিত ঢোল পেঁপাৰ মাত আহিল ভাঁহি।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


তামোলবাৰীত কপৌফুল দেখিলে
নাচনীয়ে মেলিলে মন
সাজিকাছি ঘৰতে বিহু নাচিলে
তথাপিও নভৰে মন।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।




Have a blissful, awesome, magnificent, Joyful, cheerful Assamese New Year ahead.
Happy Rongali Bihu.


এই বহাগৰ বিহুটিত সমাজৰ সকলো শ্ৰেণীৰ লোকে একতাৰ এনাজৰীত বান্ধ খাই সমাজত অধিক সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিলো।সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


হেঁপাহৰ বহাগৰ বিহুটিত নাচিব মন নাচনীৰ
এপাক কঁকাল ঘূৰাই
অপেক্ষা মাথোঁ বিহুৱা চেনাইটিৰ
তেওঁ বা আহিব নে নাই।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


কুলি কেতেকীৰ মিঠা মাতে
আনিলে হেঁপাহৰ বহাগৰ বতৰা
বিহুৱা ডেকাটিয়ে ঘৰতে ধৰিলে গান
বিহুতলিত নাচনী য়ে নাচিব নাপায়
ঘৰতে কৰিছে অভিমান।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


ৰঙালী বিহুত প্ৰতিজন অসমীয়াৰ হিয়া মন আনন্দৰে উপচি পৰক আৰু ঘৰত থাকি সুস্বাস্থ্য অধিকাৰী হওঁক। Happy Rongali Bihu।


লকডাউনৰ সময়ত
আৱদ্ধ মই ঘৰত
বহাগৰ বিহুটিত তোমালৈ
ঘনাই পৰিছে মনত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


কুলি কেতেকী আহিলে
গছে পাত সলালে
বহাগ বিহু টি আহিলে
ডেকা গাভৰুৰ মন আনন্দতে ভৰিলে।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


হেঁপাহৰ বিহুটি আহিলে চেনাই ঐ
ঢোল পেঁপাই ৰিঙিয়াই মাতিছে মাত
অসমীয়াৰ ডেকা গাভৰুৰ
বিহু বিহু লাগিছে গাত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


বিহুৱা ডেকাই পথাৰত ঢোলতি বজালে
নাচনীক ৰিঙিয়াই লাহৰী গগনাই মাতিলে
বিহুৱান বৈ থকা নাচনীৰ নবহে মন তাঁতত
বিহুৱা ডেকাটি আগ্ৰহেৰে আছে ৰৈ পথাৰত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।



bihu wish assamese || bihu greetings || rongali bihu greetings || bihu greetings image || bihu greetings in assamese language

ঢোল বাব নাজানো,
তাল বজাব নাজানো,
পেঁপাটিও বজাব নাজানো
তথাপিও ঢোল, পেঁপা, তালৰ মাতত
সকলো অসমীয়াৰ দৰে
মোৰো দেহা মন
অজান আনন্দত উথলি উঠে।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


ঢোল পেঁপাৰ মাতে কৰিলে
অসমীয়া ডেকা গাভৰুৰ মন বলিয়া
প্ৰিয়জনক বিহুৱান দিব পালে
গাভৰুৰ পূৰ্ণ হব মনৰ হেঁপাহ।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


অসমৰ গৌৰৱ, অসমীয়াৰ গৌৰৱ বাপুতি সাহোন বহাগৰ বিহুটি প্ৰতি বছৰে অতি উলহ মালহৰে অধিক উজলি উঠক আৰু আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনাৰে ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাচিঁলো।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


পাহাৰ বগাই বগাই কপৌফুল আনিব
নালাগে এইবাৰ চেনাই
ঘৰতে থাকি সুৰক্ষিত থাকা
তাকে চৰকাৰে কৈছে ঘনাই।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।


এইবাৰৰ হেঁপাহৰ ৰঙালী বিহুত প্ৰতিজন অসমীয়াই মানৱ সমাজৰ বাবে এক সুন্দৰ নিদৰ্শন দাঙি ধৰি নিজ ঘৰতে নিজ আপোন পৰিয়ালৰ প্ৰিয়জনৰ সৈতে সম্পূৰ্ণ থলুৱা পৰম্পৰাগত ৰীতি নীতিৰে সম্পূৰ্ণ অসমীয়া আৱেগেৰে কোনোধৰণৰ বাধা বিঘিনি নোহোৱাকৈ সুস্থ স্বাস্থ্যৰ বাবে সুস্বাদু স্বাস্থ্য সন্মত অসমীয়া পিঠা পনাৰে নিজ পৰিয়ালৰ সৈতে আপ্যায়ন কৰি অসমীয়া পৰম্পৰাগত গীত মাতেৰে শাৰীৰিক দুৰত্ব মানি চলি আনন্দ মনেৰে আমি সম্পূৰ্ণ সুৰক্ষিত ভাৱে আপোন ঘৰখনতে বিহু আয়োজন কৰি নিজে উলহ মালহৰে উপভোগ কৰোঁ আহক।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।




Assamese sad status|| Assamese heart broken status| Assamese attitude caption| Assamese caption for fb


জীৱনত কেতিয়াবা দুখ হলেহে সুখৰ আচল অৰ্থ বুজা যায়।


দুখে জীৱন জীয়াই থকাৰ পাঠ পঢ়াই।


দুখৰ সময়খিনি শিকাৰ সময় হিচাপে গণ্য কৰিব লাগে।


মোক দুখ জীৱনৰ লগত offer হিচাপে বিনামূল্যে পাইছোঁ।


নিসংগতাই আপোনাক যি শিক্ষা দিব তাক কোনো কিতাপতে পঢ়িব নোপোৱা।


ভগৱান মোৰ জীৱনত সুখ নিবিচাৰোঁ, মাত্ৰ দুখবোৰ কিছু কম বেদনাদায়ক হওঁক।


মই সহজ জীৱন নিবিচাৰোঁ, মাত্ৰ কঠিন সময়বোৰ কটাবলৈ শক্তি বিচাৰোঁ।


জীৱনটো এখন ছবি অংকন কৰাৰ দৰে, যত ৰবৰ ব্যৱহাৰ কৰিব নোৱাৰি।


সুখ আৰু দুখ মোৰ নিজৰ, যেতিয়া যি প্ৰয়োজন হয়, ব্যৱহাৰ কৰিম।


মোৰ নিজৰ দুখ বোৰ তোমাক নিদিওঁ, তোমাৰ দুখবোৰো মই গ্ৰহণ নকৰোঁ।


তুমি নাহিলে, নেদেখিলে মোৰ বুকুৰ ঢপঢপনি তীব্ৰ হয়, এয়াই নেকি প্ৰেম!


সুখী মানুহে সুখ বোৰ ইমানেই উপভোগ কৰে, দুখ বোৰ লগে লগে আঁতৰি যায়।


অপ্ৰিয় হলেও সত্য, কোনো মানুহে সম্পূৰ্ণ সুখী নহয়।


আনৰ ওপৰত সদায় কম নিৰ্ভৰশীল হবা, সুখী হবা।


অসুখী মানুহে আনক কেতিয়াও সুখী কৰিব নোৱাৰে।


সুস্থ শৰীৰৰ মানুহে দুখটো সুস্থিৰ থাকিব পাৰে, আৰু অসুস্থ শৰীৰৰ মানুহে সুখটো উপভোগ কৰিব নোৱাৰে।


চকুলো কেৱল দুখত নহয়, সুখতো নিগৰে।


নিজৰ মনত দুখবোৰ সাঁচি নাৰাখিবা, সুখবোৰ প্ৰতি মূহুৰ্তত উপভোগ কৰিবলৈ চেষ্টা কৰিবা।