মাঁক - ৰিজাল্ট কেনেকুৱা হ'ল অ' সোন ? ৰিজাল্ট চালিগৈ নে ? ভাল হৈছে নে ৰিজাল্ট ? লেটাৰ পাইছ' নে কিবা বিষয়ত ? মই চিন্তা কৰি..কৰি. পাৰ পোৱা নাই জান'নে !
নিবিৰ - উসঃ.. মাঁ , আগতে মোৰ কথাটো শুনাচোন | কিমান যে প্ৰশ্ন কৰি থাকা নহয় | মই ডিস্টিংশন পাইছো | দেউতাক দিয়াচোন ফোনটো |
মাঁক - হেৰি শুনিচেনে ,হেৰি...এইফালে আহকচোন |
নিবিৰে ফোন কৰিছে , নাহে কিয় ...শুনকালে আঁহকচোন ..এই মানুহটোৰ পৰা উপায় নাই মানে আৰু ! হেৰি....শুনিচেনে....
দেউতাক- কিয় নো চিঞৰ বাখৰ খন কৰি আছা অ' ৰাধা( নিবিৰৰ মাতৃ ) ,
মাঁক - নিবিৰৰ ৰিজাল্ট দিলে ...সি তাকে আপোনাক খবৰটো দিব বিচাৰিছে |
দেউতাক - অ' নিবিৰ ক'চোন...ৰিজাল্ট কেনেকুৱা হ'ল ?
নিবিৰ - দেউতা মই ডিস্টিংশন পাইছো...
দেউতাক - উসঃ হওঁক পাই , তই মোৰ সন্মান ৰাখিলি.....এতিয়া মই গৌৰৱেৰে ক'ব পাৰিম এই, দিলীপ হাজৰিকাৰ ( নিবিৰৰ পিতৃ ) পুত্ৰই টাউনৰ কলেজত পঢ়ি আনৰ ল'ৰাৰ দৰে বিপথে যোৱা নাই |
তই, আজিয়ে ঘৰলৈ গুচি আহ...ৰাতিৰ সাঁজ একেলগে খাম |
নিবিৰ - হ'ব,দিয়া দেউতা মই গৈ আছো, হাঁহ দুটা আনি থ'বা , হোষ্টেলৰ আলু পিটিকা ভাত খাই খাই আমনি লাগিছে আৰু |
দেউতাক- হাঃ হাঃ...হ'ব দে সোন , মই আনি থ'ম দে |
নিবিৰে আৱেলি ৩ বজাৰ বাছ খনত ঘৰলৈ বুলি ৰাউনা হ'ল |
নিবিৰে কোৱাৰ দৰেই বাপেকে হাঁহ দুটা আনি থৈছিল | ওচৰৰে নিবিৰৰ লগৰ দুটা মানকো ৰাতিৰ সাঁজ খাবলৈ বাপেকে নিমন্ত্ৰন কৰিছিল |
ৰাতিৰ আহাৰ খাই উঠাৰ পিছত, দেউতাকে নিবিৰক শুধিলে, তই এতিয়া কি পঢ়িম বুলি ভাৱিছ' পিছে ! তোৰ যি ইচ্ছা তাকে পঢ় | আমি বাধা নিদিওঁ | কেৱল তোৰ ওপৰতে কথা |
নিবিৰ - দেউতা মই ৰাজনীতি বিজ্ঞান বিষয়ত মেজৰ লৈ "____" মহাবিদ্যালয়ত পঢ়িবলৈ যাব বিছাৰো | তুমিটো জানেই, সৰুৰে পৰাই ভৱিষ্যতে এজন আইনি অধিবক্তা হোৱাৰেই মোৰ সপোন |
দেউতাক - হ'ব দে সোন , তই যাব বিচাৰিছ যেতিয়া যা ....তোৰ সপোন বোৰেই , আমাৰ সপোন |
নিবিৰে বিছৰা মতে দেউতাকে তাক, সি বিছৰা মহাবিদ্যালয় খনত এডমিচন দিলে | নিবিৰো বৰ সুখি হ'ল |
সেইদিনা আছিল জুন মাহৰ ২০ তাৰিখ নিবিৰৰ নতুন কলেজৰ প্ৰথম দিন | প্ৰথম দিনাই বৰকৈ ক্লাছো হোৱা নাছিল বাবে ,
কলেজত বৰকৈ মন নবহাত, সি কলেজ গ্ৰাউণ্ডতে থকা বেন্স এখনত অকলসৰে বহি কবিতা এটা লিখাৰ প্ৰয়াস কৰি আছিল |
তেনেতে এটা ল'ৰাই , নিবিৰৰ পিঠিত ধকিয়াই দিয়ে ,আৰু শুধে ক'ৰ পৰা আহিছ অ' ডেকা ল'ৰা |
নিবিৰে উত্তৰ দিয়াৰ আগতেই আৰু তিনিটা ল'ৰা আহি নিবিৰৰ ওচৰলৈ অহা ল'ৰাটোক আঁতৰাই লৈ যায় |
আৰু , সিহঁতৰে মাজৰ এটাই নিবিৰক ১ ঘন্টাৰ পিছত কলেজ লাইব্ৰেৰিলৈ যাবলৈ কয় |
ঠিক, ১ ঘন্টাৰ পিচতে নিবিৰ কলেজ লাইব্ৰেৰিলৈ যায় , আৰু সিহঁতক লগ ধৰে ...
সিহঁতে নিবিৰক বিভিন্ন প্ৰশ্নৰ দ্বাৰা সকলোৰে সন্মুখত ব্যতিব্যস্ত কৰে আৰু অৱশেসত জোৰ কৰি সিঁহতৰ ৰোমলৈ লৈ যায় | আটাই কেইটা ল'ৰাই মিলি তাক , তাৰ অনিশ্চাস্বত্তেও , মদ্যপান কৰাই, আৰু সিহঁতৰ ৰুমৰ পৰা উলিয়াই দিয়ে |
কিছু সময় নিবিৰ সিহঁতৰ ৰুমৰ বাৰাণ্ডাতে পৰি থাকে আৰু অলপ পিছত সি তাৰ ৰুমলৈ যাৱলৈ যত্ন কৰে, কিন্তু সি তাৰ ৰুম গৈ নাপায়.. আধাবাটতে এখন ট্ৰাকে আহি তাৰ সপোন বোৰ আধৰুৱা কৰি পেলাই | সি অলপ সময় ৰাজপথতে ক'ক ব'কাই থাকে আৰু কিছু সময়ৰ পিছতে নিবিৰ নিশ্চুপ হৈ পৰে |
নিবিৰৰ এই খবৰ শুনি তাৰ মাতৃ ৰাধায়ে প্ৰচণ্ড জোৰেৰে এটা চিঞৰ মাৰে আৰু পুত্ৰৰ বিৰহত তেওঁ নিবিৰৰ পিতৃক এৰি গুচি যায় |
নিবিৰৰ পিতৃয়েও সেই দিনাৰ পৰা কোনো লোককে মাত-বোল নকৰা হ'ল |
এতিয়া নিবিৰৰ পিতৃ , মানে, অতীতৰ সেই দিলীপ হাজৰিকা , আমাৰ তথাকথিত সমাজৰ সেইযে চাৰিআলিয়ে , তিনিআলিয়ে অনাই-বনাই .. সৰহ দাড়ী,চুলি ৰাখি ঘূৰি ফুৰা লোক সমূহৰ ভিতৰৰ এজন |
✍ পৰাগ শৰ্মা
Credit: Morisika.in
