হয়, তোমাৰ বেয়া লাগে যেতিয়া কিছুমান অভদ্র পুৰুষৰ কাৰনে তোমাৰ গোটেই জাতিটোকে দোষাৰোপ কৰে | তুমি মহিলাবোৰে চাৰিওফালে লাভ কৰা সুবিধাবোৰকলৈ মাজে সময়ে উত্তেজিতহৈ উঠা | তোমাৰ বেয়া লাগে যেতিয়া গোটেই দিনতো কাম কৰি বাছত থিয় হৈ আহিব লগা হয় আৰু এগৰাকী সুস্থ মহিলাই বিনা কাৰনত বহিবলৈ স্থান লাভ কৰে | মই জানো তোমাৰ কেনেকোৱা লাগে সেয়ে মই কও মই তোমাক ভাল পাওঁ আৰু অকল ময়ে নহয় মোৰ দৰে হাজাৰ লাখ পুৰুষ আৰু
মুকলি আকাশৰ তলত উশাহ লব খোজা কোটি কোটি মহিলাই তোমাক ভাল পায় | কিন্তু তথাপি তোমাৰ ওপৰত খং কৰে কিয় ,মহিলাবোৰে কিয় বাৰে বাৰে কয় সকলোবোৰ পুৰুষ একেয় ? কিয়নো বহুত হাজাৰ বছৰৰ আগৰ পৰা যি সুবিধা তুমি লাভ কৰি আছা তাৰ বাবে আজিও সেই মহিলাসকলে যুজিব লগা হয় | যেতিয়া তুমি সৰু আছিলা মায়ে তোমাক সৰু সৰু কামবোৰত দৌৰাই থাকিছিল | তুমি কৈছিলা ভন্টিহতে কিয় নোৱাৰে বা নকৰে এনে কাম | তুমি ডাঙৰ হলা তোমাৰ মন আছিল Arts পঢ়িবলৈ , মন আছিল নাচ শিকিবলৈ ,মন আছিল অভিনয় কৰিবলৈ ,মন আছিল গীত গাবলৈ ,ফেচন কৰিবলৈ কিন্তু ঘৰত বিজ্ঞান অংকৰ মাজতে ৰাখিলে তোমাক কাৰন তুমি পুৰুষ | ভন্টিয়ে Arts ললে | তুমি আজিও ভাৱা তাইতো সহজ বিষয় পঢ়িছে ,তাইনো কি আছে তাই বিয়া পাতি সুখী হৈ যাব | জীৱনটো সংগ্রাম কৰিব তুমিহে লাগিব |বিয়া তোমাক তোমাৰ ইচ্ছা অবিহনে পাতি দিলে এইবুলি যে মাক বোৱাৰী লাগে | তোমাৰ কেতিয়াবা ভাৱ হয় তুমি মহিলা হোৱা হয় কিমান সহজহৈ গল হয় নহয় জানো | শুনা আজি তোমাক ধন্যবাদ কব বিচাৰো মই আৰু সেই সংগ্রামী মহিলাসকলে যিয়ে মুকলি আকাশ কামনা কৰে |
সকলোৱে কয় ঘৰৰ ছোৱালীবোৰ বাপেক, ভায়েক, ককায়েক ,ককাকহতৰ সকলোতকৈ মৰমৰ হয় সেয়ে আজিও কিবা কথা ঘৰত কবলৈ হলে আজিও সিহতৰ মুখেৰেহে কোৱা | লাহে লাহে সময় গল এদিন তুমি কোনোৱা ছোৱালীৰ প্রেমিক হলা বা তোমাৰ বিয়া হল | তাতো তুমি বহুত সৰু ডাঙৰ বুজাবুজি কৰিলা | কেতিয়াবা কোনো মহিলাক বেয়া ব্যৱহাৰ অসভ্যালী কৰা দেখিলে তোমাৰ বহুত খং উঠে | টিভিত ধৰ্ষণ আদিৰ বাতৰি পঢ়িলে বা দেখিলে তোমাৰ তেজ গৰমহৈ যায় | তেতিয়া ভাবা তোমাৰ কোনোৱা আপোন তাই স্থানত হোৱা হয় কি কৰিলা হয় |
তুমি দোকানী, তুমি অ'টৱালা ,তুমি গাখীৰ বেপাৰী ,তুমি পাছলি বেপাৰী, তুমি সেই সকলোবোৰ পুৰুষ যাক সদায় মহিলাবোৰে সন্মান কৰে বা আপোনজনৰ দাদা সম্বোধনৰ কৰি সহায় বিচাৰে | তুমি চিপাহী, তুমি পুলিচ যাৰ বাবে মহিলাসকলে সুৰক্ষিত অনুভৱ কৰে | তুমি সেইজনী ছোৱালীৰ প্রেমিক যাক সদায় বাটত সদায় কিছুমান অভদ্রয়ে অসভ্যালি কৰে | তুমি সেই মহিলাগৰাকীৰ স্বামী যাৰ শাহু শহুৱে বাজীমহিলা বুলি অত্যাচাৰ কৰে | তুমি সেইজনী মহিলাৰ বন্ধু যাৰ প্রেমিক ,স্বামীয়ে সদায় ৰাতি মদখাই অত্যাচাৰ কৰে | তুমি সেই ছোৱানীজনীৰ প্রেম যিয়ে সদায় আগবাঢ়ি যাব বিচাৰে আৰু সেই নীলা আকাশ চুৱাৰ সপোন দেখে | তুমি সিঁহতক সাহস দিয়া পুৰুষ , তুমি প্রেম |
কথাতো সৰল বন্ধু যিখন সমাজে মহিলাবোৰক আগবাঢ়ি যোৱাত বাধা দি আৱদ্ধ কৰে সেই সমাজে তোমাকো সপোন দিঠক কৰাত বাধা দি আৱদ্ধ কৰে | যিখন সমাজে তোমাক তোমাৰ ইচ্ছামতে বৃত্তি নিৰ্বাচন কৰাত বাধা দিয়ে সেই একেখন সমাজে মহিলাসকলক পুলিচ , ৰাজনীতিবিদ , সাংবাদিক আদি হবলৈ বাধা প্রদান কৰে | যি সমাজে তোমাক বাৰে বাৰে ঘৰৰ বাহিৰ কৰি দিছিল সেই একে সমাজে ছোৱালীক ঘৰৰ ভিতৰত পাকঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখে | যি সমাজে তোমাক তোমাৰ ভন্টিৰ ৰক্ষা কৰিবলৈ শিকাছিল আজি সেই একে সমাজে তোমাৰ ভন্টিক ইমান দূৰ্ৱল কৰিলে টে অকলে বাহিৰলৈ যাব নোৱাৰে | যি সমাজে ভন্টিৰ প্রতিটো বিপদত সহায় কৰাৰ পাঠ দিয়ে সেই একে সমাজে আজি তাইক ধৰ্ষণো কৰে |
তোমালোকৰ লগত কোনো মহিলাৰ শত্রুতা নাই কিন্তু মহিলাক বহুত আগৰে পৰা পুৰুষতকৈ দুৰ্বল ভাবিব ধৰিলে আৰু আজি সিহত মুকলি আকাশৰ তলত উশাহ লব বিচাৰিছে | সচাকে কবলৈ গলে মহিলাৰ এইটো ভাবি চিন্তিত নহয় যে সিঁহতৰ এই যাত্রাত তুমি সিঁহতৰ লগত আছানে নাই |সিহঁত যুজিৱলৈ অকলেই বহুত | কিন্তু তুমি যদি ভাবা যে মহিলা আৰু পুৰুষৰ মাজৰ এই আচহুৱা শত্রুতা আচহুৱা ভেদাভেদ নাইকিয়া হঁওক তেন্তে সিহঁতৰ বাবে নহয় তোমাৰ বাবে যুজ দিয়া |
কৈ দিয়া আজি বজাৰ ভন্টিয়ে কৰিব ,বায়ে কৰিব মই ভাত বনাম , কৈ দিয়া Arts মই পঢ়িম ,কৈ দিয়া মই ঘৰৰ কাম কৰিম পত্নীয়ে চাকৰি কৰিলেই হব আৰু কোনোৱায় যদি কয় তুমি পুৰুষহৈ মহিলাৰ দৰে ঘৰত কাম কৰা তেতিয়া কৈ দিবা বহুআগৰ পৰা মহিলাসকলে ঘৰতে কাম কৰিছিল এতিয়া পুৰুষৰ পাল |
মহিলাৰ যুজ সমাজৰ লগতহে পুৰুষৰ লগত নহয় , পুৰুষৰ লগত অকল প্রেম হে |
লিখা- পুলক জ্যোতি দাস।
Credit: Morisika.in
