Sunday, February 28, 2021

অন্ধকাৰে আৱৰি ধৰিব খোজা "বিনিতাৰ জীৱন" | Assamese Sad Story




দুপৰীয়া ঠিক ২ টা বাজিছে । ৩ টা বজাত টিউচন আছে । গতিকে বিনিতাই পটাপট স্কুলৰ কিতাপখিনি উলিয়াই থৈ টিউচনৰ কিতাপখিনি ভৰাই ল'লে । 


"মা' মোৰ ভাতখিনি বাঢ়া, মই সাউতকে মুখ-হাত বোৰ ধুই আহো, আজি মোৰ  টিউচন আছে নহয়" 

বিনিতা দশম শ্রেণীৰ ছাত্ৰী । ঘৰৰ অৱস্হা বৰ ভাল নহয় । তাইৰ বাপেক তাইৰ ৫ বছৰ বয়স থাকোতে ঢুকাইছে । তেনেই সাধাৰণ এটা ঘৰত মা'কৰ লগত তাই থাকে । পৰিয়াল বুলিবলৈ সিঁহত দুয়োটাই আৰু কোনো নাই । বিনিতা বৰ সহজ-সৰল ছোৱালী । আজিকালিৰ কাৰিকৰী ঢৌৰ বাবে বাঢ়ি অহা মানুহৰ কৃত্তিমতাক তাই ভালকৈ বুজি নাপায় । আৰু নোপোৱাটোৱেই স্বাভাৱিক, যিহেতু তাই টিভি, মোবাইল, কম্পিউটাৰ ইত্যাদি ব্যৱহাৰ কৰিয়েই পোৱা নাই । আনৰ জাক-জমকতাৰ পোহাৰ তাই দূৰৰ পৰাই লক্ষ্য কৰে । কেতিয়াও আধুনিকতাৰ সান্নিধ্য তাই ওচৰৰ পৰা অনুভৱ কৰাৰ সুযোগ পোৱা নাই ।


অইন দিনাৰ নিচিনাকৈ সেইদিনাখনো বিনিতা টিউচনলৈ বুলি ওলাই গল । টিউচন শেষ কৰি ৫ বজাত সদায় তাইৰ লগ-সমনীয়াৰ লগত একেলগে ঘৰলৈ বুলি ওভতে, কিন্ত্ত তাৰ পিছৰচোৱা কিছুদুৰ তাই অকলে যাব লগাত পৰে । সেইদিনাও তাই সেই বাটেৰে অকলে গৈ আছিল । তাই সদায় লক্ষ্য কৰে যে, সেই অংশ বাটৰ কাষতে থকা পান দোকান এখনত এজন ল'ৰা ৰৈ থাকে আৰু তাইলৈ উদ্দেশ্য কৰি কিবা কিবি বোৰ-বোৰকৈ কৈ থাকে । কিন্ত্ত সেইদিনা ল'ৰাজন তাইৰ পিছে পিছে কিছুদুৰ আহিল আৰু হঠাৎ তাইৰ কাষলৈ আহি কলে, "ৰ'বাচোন তোমাৰ লগত মোৰ অলপ কথা আছে" । বিনিতা লগে লগে লাজে ভয়ে (সামান্য কপি কপি) ৰখি কলে, "অ' কি কথা"? ল'ৰাজনে ক'লে, "মোৰ নাম ৰাতুল, মই তোমাক বহুদিনৰে পৰা মনে মনে চাই আছিলো, তোমাক দেখাৰ পিছৰে পৰা মই খাব-শুব নোৱাৰা হলো, মই তোমাক কিজানি ভাল পাই পেলাইছো, তুমি বা কি কোৱা"। বিনিতা এই কথা শুনি যেন দেহত তত্ নোহোৱা হল । তাই কোনো উত্তৰ নিদিয়াকৈ খৰখেদাকে ঘৰলৈ গুছি গল ।

ঘৰলৈ গৈ তাই বহু সময় ধৰি কথাবোৰ মনতে ভাবিব ধৰিলে ।

তাৰ পিছৰ দিনা, বিনিতা আকৌ টিউচন কৰি ওভতি আহি থাকোতে লৰাজনে তাইক আগভেটি লৈ ডাইৰেক্ত তাইৰ হাতত ধৰি সুধিব ধৰিলে, "তুমি কি ভাবিলা পিছে, মোক উত্তৰটো লাগে, মোক আৰু বলিয়া নকৰিবা প্লিজ্" ? 

ল'ৰাজনৰ আচৰণ, ভাৱ-ধাৰাবোৰ দেখি বিনিতাৰ মুখৰ পৰা অজানিতে, "ওঁ" বুলি ওলাই গল । এই কথা শুনি ল'ৰাজনে উৎফুল্লিত হৈ বিনিতাক ঘৰলৈ আগুৱাই থৈ আহিম বুলি কোৱাত তাতো বিনিতাই হয়ভৰ দি পেলালে । তেতিয়া ল'ৰাজনে তাইক সেইদিনা ঘৰত নমাই থৈ আহিল ।

এনেকৈ কিছুদিন যোৱাৰ পিছত বিনিতা আৰু ৰাতুলে ইজনে সিজনক প্ৰায়ে সময় দিবলৈ ধৰিলে । প্ৰায়ে দুয়োজনে বিভিন্ন ঠাইলৈ কেতিয়াবা পাৰ্কত, কেতিয়াবা ৰেষ্টোৰেন্টত, কেতিয়াবা চিনেমা হলত গৈ লগ হব ধৰিলে । বিনিতা একপ্ৰকাৰ ৰাতুলৰ প্ৰেমত বলিয়া হৈ গৈ আছিল ।




বিনিতাৰ প্ৰেমৰ গছজোপা ঠন ধৰি উঠিছিলহে -

এদিন ৰাতুলে বিনিতাক ক'লে, আমি আজি পাহাৰলৈ ফুৰিব যাম, তুমি ৩টা বজাত ওলাই আহিবা । 

কথামতে দুয়োজনে ঘৰৰ পৰা কিছু নিলগত থকা এখন পাহাৰলৈ গল । তাতেই বিনিতাৰ জীৱনলৈ নামি আহিল অন্ধকাৰ । তাতেই প্ৰকাশ পালে ৰাতুলৰ আচল চৰিত্ৰ ।

আহ্, তুমি এই চব কি কৰিব খুজিছা ৰাতুল ! মই তোমাক কি ভাবি আছিলো আৰু তুমি কি ওলালা !

ৰাতুলে তাৰ আচল চৰিত্ৰ দেখুৱালে যে, তাৰ প্ৰেম আছিল এক অভিনয় । তাৰ প্ৰেম আছিল অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰা । তাৰ প্ৰেম আছিল শৰীৰৰ ভোক ।

ৰাতুলে যেতিয়া বিনিতাৰ শৰীৰত হাত দিছিল, তেতিয়াই বিনিতাই বুজি উঠিছিল যে, কিবা এটা যেন অতি ভয়ানক হবলৈ গৈ আছে । বিনিতাই নিজকে চম্ভালিবলৈ যত্ন কৰিলে । 

পাহাৰত ৰাতুল আৰু বিনিতা বহি থকা শিলটোৰ ওচৰৰ জাৰণিৰ পিছফালে ৰাতুলৰ ২ জন বন্ধু লুকাই আছিল । সিহঁতৰ লগত আছিল এটা কেমেৰা ।

ৰাতুল আৰু বিনিতাৰ দৃশ্য সেই অসৎ বন্ধু কেইজনে ৰেকৰ্ড কৰিবলৈ চেষ্টা চলাই আছিল । 

বিনিতাৰ অজান আশংকা যেন বাস্তব হবলৈ গৈ আছে । তাই পলকতে চেগ্ বুজি তাৰ পৰা দৌৰি পলাবলৈ ধৰিলে । আগে আগে তাই, পিছে পিছে পিশাচ ৰাতুল আৰু তাৰ পিশাচ বন্ধু কেইজন । 

কিছুদুৰ এনেকৈ দৌৰাৰ পিছত বিনিতাই  এজন পাহাৰত খৰি কাটিবলৈ অহা বয়সিয়াল মানুহ দেখা পালে । তাইৰ উশাহবোৰ খৰ হৈ গৈছে, মুখ খনত পানীৰ অভাৱ অনুভৱ হব ধৰিছে । বয়সিয়াল মানুহজনক দেখাৰ লগে লগে তাই যেন কিছু সকাহ পালে । তাই ততাতৈয়াকৈ মানুহজনৰ ওচৰলৈ গল আৰু চমুকৈ গোটেই কথাখিনি কৈ পেলালে । 

মানুহজনক দেখা পাই সেই ভণ্ড পিশাচ কেইটা সেই ঠাইৰ পৰা পলাই পত্ৰং দিলে । 

জীৱনটো ধোৱাচন্ন হোৱাৰ পৰা বিনিতা কোনোমতে ৰক্ষা পৰিল ।

তাৰ পিছত বয়সিয়াল মানুহজনে বিনিতাক ঘৰত থৈ আহিল আৰু বিনিতাৰ মাকক সকলো বিৱৰি কলে । 

বন্ধুসকল, সকলো জানি শুনিও বিনিতা আৰু তাইৰ মাকৰ সেইখিনি সম্বল নাছিল যে, তেওঁলোকে ভণ্ড পিশাচ কেইটাৰ বিৰুদ্ধে কিবা আইনমতে ব্যৱস্হা লব । আৰু ছোৱালীজনীৰ জীৱন এটা পৰি আছে, তাইৰ ভৱিষৎ জীৱনৰ সন্মানৰ কথা ইত্যাদি ভাবি চিন্তি বিনিতা আৰু বিনিতাৰ মাক মৌন হৈ থাকিল ।

বিনিতা আৰু বিনিতাৰ মাকে এতিয়া বাকি থকা জীৱনৰ মুহূৰ্তবোৰ কেনেকৈ কটাব । তাই এতিয়াৰ পৰা টিউচনলৈ মনত শংকাৰ ভাব লৈ কেনেকৈ যাব । তেওঁলোকে দৈনন্দিন কাম-কাজবোৰ কেনেকৈ চলাই নিব । কিন্ত্ত তেওঁলোকে বাধ্য হৈ ঘৰৰ পৰা ওলাই যাবই লাগিব । তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত কি হব । এই প্ৰশ্নবোৰৰ উত্তৰ কোনেও দিব নোৱাৰে ।

গতিকে বন্ধুসকল প্ৰেম, ভালপোৱা, মৰম ইত্যাদিবোৰ বেয়া নহয় । কিন্ত্ত সেই প্ৰেম, ভালপোৱা বা মৰম প্ৰকৃত হয় নে নহয় আগতে পৰীক্ষা কৰি লব লাগে । আৰু তাৰ বাবে সম্বন্ধবোৰত অলপ সময় দিব লাগে, প্ৰেমত বলিয়া বা আবেগৰ বশবৰ্তী হব নালাগে । সকলোৱে বিনিতাৰ দৰে ভাগ্যবান নহবও পাৰে । আৰু সেই ক্ষেত্ৰত কোনোবাৰ জীৱনলৈ চিৰদিনৰ বাবে অভিশাপ নামি আহিব পাৰে ।