জুনুকা হায়াৰ চেকেণ্ডৰী ২ য় বাৰ্ষিকৰ ছাত্ৰী । সদায় নিজৰ পঢ়াৰ লগতে ৰূপ - সৌন্দৰ্যক প্ৰাধান্য দি ফুৰা বিধৰ ছোৱালী । কলেজত তাইৰ ষ্টাইলৰ এটা নাম আছে । কলেজৰ সকলো লৰা তাইৰ বাবে একপ্ৰকাৰ পাগল টাইপ্ । কিন্ত্ত সেই লৈ তাইৰ কোনো অহংকাৰ ভাব নাছিল । নিজে নিজৰ কামবোৰ সদায় চিকুণতাৰে ঠিকমতে কৰি গৈছিল ।
নতুনকৈ ২ য় বাৰ্ষিকত এডমিচন্ লোৱাৰ পিছত তাই কলেজ ক্ষতি কৰা নাছিল । তাই সদায় কলেজলৈ যোৱাৰ পিছত এজন ল'ৰাই তাইক বহুদিনৰ পৰা ফ'লো কৰি অহাটো এদিন তাই আৱিস্কাৰ কৰিছিল । আৰু নিশ্চিত হৈ লৈছিল যে, ল'ৰাজনে তাইকে ফ'লো কৰি আছে ।
এদিন, ক্লাছ চলি থাকোতে সেই ল'ৰাজন জুনুকা বহি থকা একে শাৰীৰ বেণ্ঞ্চত বহিছিল । জুনুকাই লক্ষ্য কৰিলে যে, ল'ৰাজনে ক্লাছ আৰম্ভ হোৱাৰ পিছৰ পৰাই তাইলৈ একেঠৰে চাই আছে । এটা সময়ত এনে এটা ক্ষণ আহিল য'ত দুয়োজনৰ চকুৱে পৰস্পৰে পৰস্পৰক ভেদ কৰিলে আৰু দুয়োজনৰ দুচকুৰ মিলন ঘটিল । লগে লগে জুনুকাৰ হৃদয়ত যেন কিবা এটা অনুভূতিয়ে খুন্দা মাৰিলে । তাই যেন অকণমান সময়ৰ বাবে কোনো এখন অজান ঠাইলৈ উৰি গুছি গল ।
আন এদিন, কলেজৰ কেণ্টিনত -
জুনুকাৰ ঘৰৰ কাষৰ, তাইৰ লগত একেলগে পঢ়া চানি'ৰ লগত সেই ল'ৰাজন কেণ্টিনখনত বহি আছিল । জুনুকা কেণ্টিনত প্ৰৱেশ কৰাৰ লগে লগে, চানিৰ লগত মুখা-মুখি ।
জুনুকা, ভালনে? , অ' মই চিনাকি কৰি দিব পাহৰিছিলোয়েই, এইয়া ৰাহুল, তুমি দেখিছাই চাগে ক্লাছত , আৰু ৰাহুল, এইয়া জুনুকা । জুনুকা, তোমালোকে অলপ কথা পাতা, মই লাইব্ৰেৰিৰ পৰা আহো ।
তাৰ পিছত জুনুকা আৰু ৰাহুল কেণ্টিনখনত বহি এনেদৰে কথাত মচগুল হৈ থাকোতে সিহতৰ এটা ক্লাছ ক্ষতিয়ে হৈ গল । তাৰ পিছৰ ক্লাছটো কৰি দুয়ো ঘৰলৈ গল ।
গোটেই নিশা, জুনুকাই ৰাহুলৰ মৰমলগাই কোৱা কথা, হাঁহিবোৰ মনতে ভাবি থাকিল ।
ৰাতিপুৱা, শুই উঠি জুনুকাই নিজকে আইনাত চাই প্ৰশ্ন কৰিব ধৰিলে' "মই প্ৰেমত পৰিলো নেকি?" কিছু সময় এনেদৰে থকাৰ পিছত তাই সেই প্ৰশ্নৰ উত্তৰ পাই গল ।
তাৰ পিছত তাই নিজৰ ষ্টাইল বৰ্তাই ৰাখি
কলেজলৈ বুলি ওলাল । কলেজত আকৌ ৰাহুল আৰু তাই ক্লাছ শেষ হোৱাৰ পিছ মুহূৰ্ততে কথা পতাত মগ্ন হৈ পৰে । সিঁহত দুয়োজনে এনেদৰেই কলেজৰ প্ৰতিটো দিন পাৰ কৰিব ধৰিলে ।
এই পৰ্যায় লাহে লাহে আগুৱাই গৈ সিঁহতে কোনো কোনো ঠাইলৈ ফুৰিবলৈ যোৱা কৰিলে । সিহতৰ দুয়োজনৰ মাজৰ সম্বন্ধৰ বান্ধোন আৰু কটকটীয়া হব ধৰিলে ।
এবছৰ পিছত দুয়োজনে, ২ য় বাৰ্ষিকৰ পৰীক্ষা পাছ কৰিলে । জুনুকাই সেইখন কলেজতে স্নাতকত নাম ভৰ্তি কৰিলে । কিন্ত্ত ৰাহুল সেই কলেজখনৰ পৰা গুছি গৈ অইন কোৰ্চ এটাত নামভৰ্তি কৰিলে । তাৰ পিছতো সিঁহত দুয়োজনে ইজনে সিজনক দেখা-দেখি কৰি থাকিল ।
কিন্ত্ত হঠাৎ এদিন ৰাহুল অন্তৰ্ধান হল । জুনুকাই তাক বিচাৰি উলিয়াবলৈ সকলো ধৰণৰ কাৰ্য্য কৰিও অৱশেষত বিফল হল । জুনুকাই শেষত সিদ্ধান্ত ল'লে যে, তাই ৰাহুলৰ ঘৰলৈ যাব, "কিয় সি মোৰ লগত এনে কৰিলে?" সেই প্ৰশ্নৰ উত্তৰ বিচাৰি ।
সেইমতে এদিন জুনুকা গৈ ৰাহুলৰ ঘৰত উপস্হিত হল । ৰাহুলে জুনুকাক দেখাৰ লগে লগে অচিনাকীৰ ভাও ধৰিলে । "তোমাক মই চিনি নাপাওঁ, তোমাৰ লগত মোৰ কোনো কথা নাই" বুলি কোৱাত জুনুকা গুছি আহিল ।
তাৰ পিছৰ দিনা হঠাৎ জুনুকাৰ লগত ৰাহুলৰ মুখা-মুখি হল । জুনুকাই তাক আগভেটি ধৰি তাৰ কি হৈছে বুলি সোধাত, সি কলে, তুমি মোৰ ঘৰলৈ অহাৰ দিনা কাষৰ কোঠালিত মোৰ দেউতাই সকলো শুনি আছিল, সেয়ে মই তোমাক সেইদিনা তেনে ব্যৱহাৰ কৰিছিলো । মোৰ উপায় নাছিল, বেয়া নাপাবা ।
জুনুকাই বিশেষ একো নাভাবি ৰাহুলক ক্ষমা কৰি দিলে ।
তাৰ পিছত দুয়োজনে আগৰ নিচিনাকৈ আকৌ লগ হব ধৰিলে । দুয়োজনে বিভিন্ন ঠাইলৈ গৈ ফুৰিব ধৰিলে । এনেদৰে কিছুদিন দুয়োজনে একেলগে ঘূৰি ফুৰাৰ পিছত, এদিন জুনুকাই ৰাহুলক ফোন কৰি কৰি নোপোৱাত জুনুকাৰ মূৰত আৰু অজান চিন্তাই বাহ ললে । আগৰ বাৰৰ নিচিনাকৈ এইবাৰো ৰাহুল অন্তৰ্ধান হল । ৰাহুলক বিচাৰ উলিওৱাৰ বাবে সকলো ধৰণৰ চেষ্টা কৰিও জুনুকা অৱশেষত বিফল হল । শেষত তাই, তাইৰ ঘৰৰ ওচৰৰে চানি'ক লগ ধৰি কথাবোৰ ভাঙি পাতি কলে । চানি'য়ে কথাবোৰ শুনি অলপ আচৰিত হৈ কলে, "তোমালোকৰ প্ৰেম ইমানদুৰলৈ গুছি গৈছে অথচ মই গমেই নেপাওনে"? আচ্ছা, এতিয়া তুমি যোৱা, মইয়ে কিবা এটা কৰিব লাগিব ।
চানি'ৰ মগজে কাম নকৰা হৈ গল যেতিয়া সি ৰাহুলৰ বিষয়ে নজনা কথা কিছুমান জানিবলৈ পালে । ৰাহুল দেখিবলৈ বগা আৰু সহজ-সৰল যেন হলেও, তাৰ মন, চৰিত্ৰ কিন্ত্ত নিকা নহয় । সি মনে মনে নিষিদ্ধ নিচা গ্ৰহণ কৰে । আৰু লগতে তাৰ আন কিছু ছোৱালীৰ লগতো সম্বন্ধ আছে । আৰু সকলোতকে ডাঙৰ কথাটো হল যে, জুনুকাৰ আগত সেইবোৰ লুকাই ৰাখিব পৰাতো ।
জুনুকাৰ ফালৰ পৰা ৰাহুললৈ থকা যি প্ৰেম, সেই প্ৰেম আছিল প্ৰকৃত । কিন্ত্ত ৰাহুলৰ ফালৰ পৰা জুনুকালৈ থকা প্ৰেম আছিল শাৰীৰিক আৰু তাৎক্ষণিক আনন্দৰ বাবে । আৰু সম্পূৰ্ণ নাটকীয়তাৰে এই সকলো কথাৰ পৰা জুনুকাক অজ্ঞ কৰি ৰখা হৈছিল ।
ৰাহুলৰ প্ৰতি থকা জুনুকাৰ উৎসুকতা দেখিয়েই চানি'য়ে জানিছিল যে, ৰাহুলৰ প্ৰতি থকা তাইৰ প্ৰেম কিমান গভীৰ । চানি'য়ে ৰাহুলৰ জীৱন সম্পৰ্কে সত্যতা জনাৰ পিছত, জুনুকাক এই বিষয়ে কেনেকৈ অৱগত কৰাতো ভাল হব । সেই কথা ভাবি ভাবি চানিৰ তত্ হেৰাই যোৱা পৰিস্হিতিৰ উদ্ভৱ হল । জুনুকাই এই কথাবোৰ জনাৰ পিছত তাইৰ কোমল হৃদয়খন যে জ্বলি চাৰ-খাৰ্ হৈ যাব । আৰু জুনুকা সহজ-সৰল খুব ভাল এজনী ছোৱালী, সেয়ে জুনুকাৰ তেনে হোৱাতো চানি'য়ে কেতিয়াও নিবিচাৰে ।
বন্ধুসকল, যিকোনো নতুন প্ৰেম, ভালপোৱাৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছত সেই সম্বন্ধৰ ওচৰে-পাজৰে থকা সকলো দিশ লাহে লাহে চালি-জাৰি চাই অধ্যয়ণ কৰি ভালদৰে বুজি লৈহে তাৰ পিছৰ পদক্ষেপ লোৱাতো উচিত ।
