Sunday, August 15, 2021

নষ্ট লৰাৰ প্ৰেমকাহিনী ইমান বেয়া নাছিল। Sad Story



নষ্ট লৰাৰ প্ৰেমকাহিনী ইমান বেয়া নাছিল।


 Lockdown ৰ সময়ত গোটেই ভাৰত বন্ধ সেই সময়ত অসম চৰকাৰে অনলাইন যুগে পাঠদান দিবলৈ সকলো বিদ্যালয় আৰু কলেজক জনালে। তেতিয়া মই 10th ত আছিলোঁ। অনলাইন ক্লাছ কৰিবলে মোৰ কোনো মোবাইল বা লেপটপ নাছিল। তেতিয়া মই মোৰ দেউতাক কলো যে বিদ্যালয়ৰ ক্লাছ সমূহ অনলাইন যুগে কৰাব তেতিয়া দেউতাই মোক এটা মোবাইল দিলে আৰু মই অনলাইনত পাঠদান কৰিবলৈ আৰম্ভ কৰিলোঁ।ৰমজান মাহ আহি আছিল তেতিয়া মই হোত্সপপত এটা ট্ৰেউছ দিছিলোঁ যে কোনে কোনে কালি ৰোজা ৰাখিব। তেতিয়া মোৰ তাত এটা মেছেজ আহিল যে মই ৰাখিম। মই ধৰিব পৰা নাই এই ছোৱালীজনী কোন হয় আৰু মই এনেই অলপ কথা পাতিলোঁ। এদিনাখন ছোৱালীজনীৰ লগত কথা পাতি থকা অৱস্থাত ছোৱালীজনী কলে যে 'I Like You because you are positive thinking boy' ।ছোৱালীজনীৰ লগত কথা পাতি থাকোতে থাকোতে নাজানো কেনেবাকৈ মই তাক ভাল পাই পেলাইছিলোঁ আৰু মই তাক ৰাতি 2তা মান বজাত কলো যে মই তোমাক ভাল পাওঁ । ছোৱালীজনী আচৰিত হৈ উঠিল যে 3,4 দিন মেছেজত কথা পাতি কেনেকৈ ভালপোৱা হল। আৰু ছোৱালীজনী মোক সুধিলে যে ইমান কম দিনতএ ভালপোৱা কেনেকৈ হল আৰু মই কলো যে নাজানো কেনেবাকৈ হল কিন্তু ভালপোৱা হৈ গল। ছোৱালীজনী মানা কৰিলে যে মই তোমাক ভাল নাপাওঁ তথাপিও মই তাক ভালপাবলৈ এৰা নাই কাৰণ মই ভাবিছিলোঁ যে  কোনো এজনী ছোৱালী এজন লৰাৰ লগত ৰাতি 2,3 লৈ এনেই কথা পাতি নাথাকে নিচ্চই ভাল পাই। এই আশাত মই তাৰ লগত কথা পাতি থাকিলোঁ ভাবিছিলোঁ যে এদিন হলেও তাই মোক ভাল পাব। কিন্তু দিন যিমান গৈ থাকিল সিমান এ মোৰ বিশ্বাস কমিব ধৰিলে যে তাই বা মোক ভাল নাপায়। ছোৱালীজনীৰ লগত কথা পাতি থাকোতে গম পালোঁ যে ছোৱালীজনী আগতে ৰাতুল নামৰ এজন ল'ৰাক ভাল পাইছিল। আৰু তাই কলে যে ৰাতুলে বেলেগ ছোৱালীক ভাল পাই সেই বাবে মই তাৰ লগত থকা সম্পৰ্কটো ত্যাগ কৰি দিলোঁ। এই কথা শুনি মোৰ চকু-পানী আহি পৰিল। মই তেতিয়া গম পালোঁ যে ছোৱালীজনী ৰাতুলক এতিয়াও ভাল পাই। তেতিয়া মই ভাবিলোঁ যে মই ৰাতুল আৰু এই ছোৱালীজনীক আকৌ সম্পৰ্কত আনো সেই বুলি দিন এ ৰাতি মাত্ৰ ৰাতুলৰ নম্বৰ বিচাৰি আছিলোঁ তেতিয়া এজন লৰাই মোক ৰাতুলৰ নম্বৰটো দিলে । আৰু নাম্বাৰটো লৈ মই হোত্সপ্পত মেছেজ দিলোঁ  লৰাজনৰ লগত কথা পাতি থাকোতে মই ভাবিলোঁ যে লোৰাজনৰ কথা কোৱাৰ ধৰণ ঠিক এ আছে। নিশ্চয় কিবা ভুলৰ বাবে সিহঁতৰ সম্পৰ্কটো ভাঙি গৈছে সেই বুলি মই ৰাতুলক কলো যে তাই তোমাক এতিয়াও বহুত ভাল পাই লৰাজন তেতিয়া মোক সুধিলে যে তাৰ নম্বৰ আছে নেকি মই তৎক্ষণাত ছোৱালীজনীক সুধিলোঁ যে ৰাতুল এ তোমাৰ নম্বৰ খুজি আছে দিম নেকি। ছোৱালীজনী কলে দিয়া তাৰ পাছতে মই ৰাতুলক নাম্বাৰটো দিলোঁ। তেতিয়া ৰাতি 11 টা বাজিছিল । নম্বৰ দিয়াৰ পিছত সিহঁতৰ মাজত 2ঘণ্টা মান কথা হল আৰু দুয়োজন Offline হৈ গল মই ভাবিলোঁ যে সিহঁতৰ পুনৰ ভালপোৱা আৰম্ভ হৈছে বা  তাৰ পিছতে মই 20দিন মান ছোৱালীজনীৰ লগত কথা পতা নাই। মোৰ মনত বহুত দুখ আছিল কিন্তু প্ৰকাশ কৰিবলৈ ক্ষমতা নাছিল। 20 দিন মান পিছত আকৌ ছোৱালীজনী মোক মেছেজ কৰিলে আৰু কলে যে "কি খবৰ"

তেতিয়া মই কলো ভাল এ আছোঁ

তাৰ পিছত মই সুধিলোঁ যে তোমাৰ কি খবৰ ছোৱালীজনী কলে ভাল এ আছোঁ।

তাৰ পিছত মই সুধিলোঁ যে ৰাতুলৰ কি খবৰ , ছোৱালীজনী কলে মাজে মাজে অলপ মেছেজ কৰোঁ মই সুধিলোঁ যে কিয় এতিয়া তুমি তাক ভাল নোপোৱা নেকি তেতিয়া ছোৱালীজনী কলে যে মই তাক আৰু মোৰ জীৱনত ভাল নাপাওঁ । মই ভাবিলোঁ যে নিশ্চয় ছোৱালীজনী ৰাতুলক ভাল নাপায় তাৰ পাছত আকৌ আমি কথা কোৱা আৰম্ভ কৰিলোঁ তাৰ 7 মাহ মান পিছত ডিচেম্বৰ মাহত মই আকৌ ছোৱালীজনীক কলো যে মই তোমাক বহুত ভাল পাওঁ আৰু যদি তুমি মোক ভাল পোৱা মই তোমাক গোটেই জীৱন সুখী ৰাখিম এই বুলি মই তাইক কলো আৰু তাই মোক বহুত কথা শুনালে তাৰ কথা শুনি মই কান্দিবলৈ ধৰিলে সেই সময়ত ভাবিলোঁ যে তাই মোক কিয় ভাল নাপায় মই ইমান বেয়া নেকি। তাৰ পিছত তাইক কলো যে তুমি মোক ভাল পোৱা বা না পোৱা কিন্তু মই তোমাক গোটেই জীৱনএ ভাল পাই থাকিম আৰু মই আল্লাহৰ তাত দুৱা কৰোঁ যাতে তুমি সকলো সময়তে সুখী থকা। 



আৰু এটা কথা আপোনালোকক কবলৈ মনত এ নাই যে সেই ছোৱালীজনী  মোৰ মাৰ সম্পৰ্কৰ মানুহ আছিল। গতিকে কেনেবাকৈ তাই যদি ভাল পালেও হেতেন তথাপিও আমাৰ ভালপোৱা নাথাকিলে হেতেন কাৰণ তাই আমাৰ সম্পৰ্কীয় মানুহ আৰু এই সম্পৰ্কৰ বাবে আমাৰ সমাজএ আমাৰ ভালপোৱা মানি ন'ললে হেতেন। 

তাইক মই সেই সময়ত কৈছিলোঁ যে মই তোমাক বহুত ভাল পাওঁ আৰু পাই থাকিম কিন্তু মোৰ ভালপোৱা কেতিয়াও সফল নহয় তোমাক মই আগতেও ভাল পাইছিলোঁ এতিয়াও পাওঁ আৰু ভৱিষ্যতত পাই এ থাকিম এই বুলি তাইক কলো মই । কিন্তু ছোৱালীজনীৰ পৰা কোনো reply নাহিল আৰু মই ভাবিলোঁ যে নিশ্চয় তাই মোক দেখিবলৈ নিবিচাৰে। মই তাক কলো যে আজি ৰ পৰা মই তোমাক কেতিয়াও মেচেজ নকৰোঁ আৰু ভৱিষ্যতত কেতিয়াও মুখ নেদেখাওঁ তেতিয়া ছোৱালীজনী হাঁহি হাঁহি কলে যে মই তোমাক এতিয়া লৈ দেখাই নাই আৰু তুমি কৈ আছে যে কোনো দিনা মুখ নেদেখাবা। 

তাৰ পিছত মই কলো হব আৰু একো কব নালাগে  যি কৈছা বহুত কৈছো তুমি মোক মনৰ কথা একো বুজি নোপোৱা বুজি নোপোৱা মানিছোঁ কিন্তু মোৰ মনত কথাত তোমাৰ হাঁহিব নালাগিছিল । আজিৰ পৰা মই তোমাৰ লগৰ কথা নকওঁ, আল্লাহ তোমাক সুখী ৰাখক বুজি কলো তাৰ পিছত এ চাওঁ যে ছোৱালীজনীৰ ফটো নাইকিয়া হল আৰু অনলাইন আছে নে নাই একো দেখা পোৱা নাযায় তেতিয়া মই ভাবিলোঁ যে মোক তাই ঘৃণা কৰে বুলি মোৰ নম্বৰ ব্লগ কৰি দিলে।তাৰ পিছত তাইৰ জন্মদিনৰ দিনা মই গম পালোঁ যে তাই আন কাৰোবাক ভাল পাই। তেতিয়াৰ পৰা মই তাৰ লগত সম্পৰ্ক  ভাঙি দিছোঁ


ছোৱালীজনীৰ নাম নাজমিনা পাৰবিন আৰু এইটো কোনো কাহিনী নহয়। বাস্তৱ জীৱনৰ এজন লৰাৰ ভালপোৱা।





মই এইখন প্ৰথম বাৰ লিখিছোঁ যদি কিবা ভুল হৈ কমেণ্ট কৰি বা Mail কৰি জনাব।