মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা...
তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।
তোমাৰ কেমেৰাত ৰীল নাছিল...
আৰু মই হাঁহিয়েই থাকিলো।
(আমাৰ প্ৰেমৰ সময়ত dslr নাছিল)
মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি...
এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।
মোৰ চহৰত সাংঘাতিক নীৰৱতা...
কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।
কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।
বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে
তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম...
তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।
দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ...
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।
চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা...
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।
আৰু কি বৰ্বাদ কৰিব তেওঁ মোক...
ছাই হও মই, জ্বলালেও জ্বলি নাযাওঁ।
লুকাভাকুৰ খেল এই চাৰা দুনীয়া। দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত। স্বাৰ্থ লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে
তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা...
মই সুখৰ বাবে তোমাৰ সন্ধান কৰো
দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম...
সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব
কলিজাটো তোমাৰ ফালে সদায় হালে অলপ।
ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।
যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন,
আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।
তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয়
ৰাইজে সোধে "কোন ডক্তৰ, কি ঔষধ?"
কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক "মই অলপ বিপদত পৰিছো"। জবাব পাই যাব।
তেওঁ হাঁহি সুধিছিল "তুমি কি কৰা?"
মই উত্তৰ দিলো "দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।"
তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে...
আৰু বৰষুণক খবৰটো তেৱেই দিলে।
প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।
কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।
তেওঁ যাওঁতে কৈ গ'ল- "মই মাত্ৰ সপোনতহে দেখা দিম।"
মই কলো-"promiseতো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম।
যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ...
ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।
সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।
যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া "বিজয়" আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া "বুৰঞ্জী"
বুকুৰ কেচা ঘাঁৰ নিজেই যতন লব। দুনীয়াক দেখুৱাই লাভ নাই। এইখন জলকীয়াৰ পৃথিৱী।
তেওঁ সুধিছিল "প্ৰেমৰ বাট কোনফালে?"
মই চাৰ্টৰ বুটাম খুলি বুকুৰ বাওঁফাল দেখুৱালো।
ৰমজান চলিছে, মছজিদৰ কাষেদি নাযাবা তুমি...
কোনোবাই ঈদৰ চান্দ বুলি ৰোজা ভংগ কৰিব পাৰে।
তুমি হাজাৰ বিচাৰিলেও মোক নোপোৱা...
চন্দ্ৰৰ পিছফালে থকা আন্ধাৰখিনি মোৰ পৃথিৱী।
তুমি চন্দ্ৰ হৈ থাকিলে কত পাবা?
আমি আমাৰ স্বভাৱ, চৰিত্ৰ ঠিক কৰিব লাগে, যাতে আমাক দেখি ছোৱালী/নাৰীয়ে চুলি ঠিক ঠাক কৰাত লাগি যায়, দোপাট্টা নহয়। মৰ্দ হও মৰ্দ।
বৰশীত উঠি অহা মাছটোক সোধক; ভয়, নিসংগতা আৰু যণ্ত্ৰনা কাক কয় আৰু বৰশী বোৱাজনক সোধক; ভাগ্য আৰু পৰিতৃপ্তি কি বস্তু?
তুমি জাকৈয়া গাভৰুৰ মোক খা মোক খা খিলখিল হাঁহি...
মই ঢিমিক ঢামাক নিৰ্জনতাৰ বাঁহী।
আমৃত্যু ভাল পোৱাৰ কথা আছিল।
বন্ধু, মই মৰিলে চিতাখন তেওঁৰ পদূলিত এবাৰ ৰখাবা...
সুধিলে কবা "কান্ধ সলনি কৰিছো"।
Assamese shayari 2020 | Assamese shayari sad
তিতা খৰিৰ দৰে আছিলো, তুমি প্ৰেমৰ দিয়াচলাই মাৰি জ্বলালা...
এতিয়া চাল্লা ভালদৰে জ্বলিবও পৰা নাই, নুমাবও পৰা নাই... ধ্যেই।
কোনে কয় মই মিছা কথা নকও...
এবাৰ কেনে আছো সোধা, উত্তৰ পাবা।
মোৰ কান্ধত তোমাৰ দুটোপাল চকুলো পৰিল কি নপৰিল
মোৰ সস্তীয়া গেঞ্জীটো আজি ধনী হৈ গ'ল।
যিয়ে সঘনাই কাপোৰ সলনি কৰাৰ হেপাঁহ ৰাখে, তেওঁ শেষ মুহূৰ্তত কবৰো সুযোগ নাপায় যে "কফনটো ঠিক নহল" হায় ৰে দুনীয়া।
প্ৰতিদিন প্ৰতিপল তোমাৰেই চিন্তা...
নাজানো, কি ঋণৰ কিস্তি পৰিশোধ কৰি আছো।
মই শব্দৰ দৰে সীমিত
তুমি অৰ্থৰ দৰে বিস্তাৰিত
সৰাপাতে আমাক ইয়াকে শিকাইছে যে বোজা হৈ পৰিলে, আপোনজনেও সংগ এৰি দিয়ে।