Wednesday, March 10, 2021

Assamese Quotes on Life



জীৱনটো কি, ইয়াৰ উদ্দেশ্য কি?, সুখী জীৱনৰ ৰহস্য কি?, জীৱনলৈ দুখ কিয় আহে?, জীৱনটো নিঁখুত ভাবে চলিবলৈ কি কি নীতি অৱলম্বন কৰিব লাগে ইত্যাদি   প্ৰশ্নৰ উত্তৰ আৰু জীৱন সম্পৰ্কে বিভিন্ন ব্যক্তিয়ে বিভিন্ন বাখ্যা আগবঢ়াইছে। কোনেওঁ স্পষ্টকৈ ইয়াৰ সমিধান কৰিব পৰা নাই। তথাপিও কেইজনমান মহৎ লোকে বহু অধ্যয়নৰ অন্তত "জীৱন (life)" সম্পৰ্কে কিছুমান বাখ্যা দিছে, যিবোৰ আমি প্ৰত্যেকজন ব্যক্তিয়ে অনুকৰণ কৰিব লাগে।




এই post টোৰ জৰিয়তে কেইজনমান মহৎ লোকৰ জীৱনৰ উক্তি (life quotes / life status, life quotes image / life status image) আগবঢ়োৱা হল। 


থমকি নৰবা,
তুমি যিমান ভাবা,
জীৱনটো তাতকৈ বহু বেছি 
গতিৰে আগুৱাই গৈ আছে।




৫ টকীয়া নোটৰ দৰে
হৈ গৈছে জীৱনটো,
চলে, 
কিন্ত্ত ফটা অৱস্হাত।




আমাৰ চকুজুৰিয়ে,
সাধাৰণতে,
সেইবোৰ বস্ত্তহে পচন্দ কৰে,
যাক সহজতে পাবলৈ কঠিন।


যেতিয়া কোনো সমস্যাৰ উদ্ভৱ হয়,
কিছু ক্ষণ হৃদয়েৰে ভাবা,
আৰু ,
বিবেকৰ লগত সংলগ্ন কৰা,
সমাধান ওলাই পৰিব।





জীৱনত এজন পাৰ্টনাৰ
থকাটো খুবেই জৰুৰী,
নহলে মনৰ কথাবোৰ,
ষ্টেটাচ্ ত লিখোতেই যাব।




ব্যক্তি এজনে জীৱনত
দুটা বস্ত্তৰ লগতে হাৰি যায়,
এটা হল, সময়,
আৰু 
আন এটা হল প্ৰেম,
সময় কেতিয়াওঁ কাৰো নহয়,
আৰু 
প্ৰেম কেতিয়াওঁ সকলোৰে নহয়।



যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব,
তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব।




জীৱনত চলাচল কৰিবৰ বাবে দুটাই ৰাস্তা ,
এটা হল সহজ, মসৃণ, চাঁৰে ভৰা,
আনটো হল,
কঠিন, ওখোৰা-মোখোৰা, কণ্টক ভৰা।


প্ৰথম ৰাস্তাটোৰে গলে সহজেই দ্ৰুত গতিৰে গৈ থাকিব পাৰি কোনো কষ্ট নোহোৱাকৈ জীৱনৰ তাৎক্ষণিক মজা লৈ । এই পথৰ প্ৰত্যেকটো ক্ষণতে আনন্দ অনুভৱ হয় । জীৱনটো অইনক কষ্ট দি হলেও নিজৰ ইচ্ছা, আনন্দ আদিৰ পুৰ্তিৰ বাবেহে বুলি ভাব হয় । 


আৰু 


দ্বিতীয় ৰাস্তাটোৰে গলে প্ৰথমতে অশেষ  কষ্ট অনুভৱ হয়, পদে পদে কাঁইট, কেতিয়াবা হয়টো ৰাস্তাটো এনেদৰে বন্ধ হৈ যোৱা নিচিনা লাগিব,যে সেই স্থলত নিজেই ৰাস্তাটোৰ বাধাবোৰ আঁতৰাই হয়টো আগবাঢ়ি যাবলগীয়া হব পাৰে । এইটো ৰাস্তাত চলাচলৰ গতিবেগ সাধাৰণতে ধীৰ । কিন্ত্ত এই ৰাস্তাটোৰে কিছুদূৰ আগবঢ়াৰ পিছত পিচ হোহকিব লগীয়া নহয় । কিয়নো যাত্ৰাৰ আৰম্ভণিৰ পৰা পাই অহা বিভিন্ন বাধাবোৰ অতিক্ৰম কৰি অহা এক প্ৰকাৰ অভ্যাস হৈ যায়। সৰু সৰু সমস্যাই ব্যতিব্যস্ত নকৰে ।

কিন্ত্ত,
প্ৰথম ৰাস্তাটো চুটি আৰু কিছুদূৰ যোৱাৰ পিছত এই ৰাস্তাৰ শেষত আছে অন্ধকাৰ দ' খাৱৈ । ইয়াত পোৱা জীৱনৰ অনুভৱে নিজ স্বাৰ্থ সিদ্ধি কৰে আৰু ই ক্ষণস্হায়ী ।

আৰু আনহাতে,
দ্বিতীয় ৰাস্তাটো অতিকৈ দীঘল, ইয়াৰ শেষ নাই । ইয়াত পোৱা জীৱনৰ অনুভৱে নিজৰ লগতে অইনৰো( বিশেষকৈ পৰিয়াল) স্বাৰ্থ সিদ্ধি কৰে । ইয়াত শান্তি আছে, ইয়াত জ্ঞাণ আছে, ই জীৱনৰ মূল্য শিকায়, ই জীৱনৰ উদ্দেশ্য শিকায়, ই জীৱনটো সুচাৰুৰূপে চলাবলৈ শিকায় আৰু এই পথ দীৰ্ঘস্হায়ী ।

(আপুনি কোনটো পথ বাচনি কৰিব, নিজেই বিবেচিত কৰক)



সফলতাই আমাক জগতখনৰ লগত পৰিচয় কৰাই দিয়ে,
আৰু 
অসফলতাই জগতখনক আমাৰ লগত 
পৰিচয় কৰাই দিয়ে।





আপুনি এই বুলি কোৱাটো এক ভ্ৰমৰ বাহিৰে আন একো নহয়,
যে,
"মোৰ হাতত সময় নাই"
কাৰণ,
পৃথিৱীৰ সফল আৰু মহান ব্যক্তি সকলৰ হাতটো "২৪ ঘণ্টা" সময়েই থাকে, যিটো আপোনাৰ হাতটো থাকে ।




সফলতাৰ ৰাস্তা দূৰৰ পৰা বন্ধ থকা যেনে লাগে,
কাৰণ আমি সেইটো ৰাস্তাত যাত্ৰা আৰম্ভ কৰাই নাই,
সফলতাৰ ৰাস্তাৰ দুৱাৰখন তেতিয়াহে খোল খাব যেতিয়া আমি একেবাৰে তাৰ কাষ পাম।




ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায়,
কোনো আপোন নহয়,
আৰু 
মনত ভাবি ললে,
কোনো পৰ নহয়।



যেতিয়ালেকে আমি অলপ অলপ বুজিব ধৰো যে,
জীৱনটো কি?
তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়।





উপৰ্য্যুপৰি সফলতা'ই
হ'ল আচলতে
প্ৰকৃত প্ৰতিশোধ





জীৱনটো নিজক বিচৰাৰ বাবে নহয়,
জীৱনটো নিজক সৃষ্টি কৰাৰ বাবেহে।




জীৱনটো আচলতে সৰল,
আমিহে ইয়াক খুতুৰি থাকি জটিল বনাই পেলাওঁ।




জীৱনৰ পৰিস্হিতিত কেতিয়াবা এখন দৰ্জা বন্ধ হৈ গলে আন এখন খোল খায়,
কিন্ত্ত,
তৎসত্বেও আমি বন্ধ হৈ যোৱা দৰ্জাখনৰ পিনে চাই অনুতাপ কৰি বহি থাকো,
তথাপিও,
আমি ইতিমধ্যে আমাৰ বাবে খোল খোৱা দৰ্জা খনৰ পিনে লক্ষ্য নকৰো।




আমাৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহে,
য'ত আমি বাচনি কৰিব লগা হয়,
যে,
কিতাপখনৰ পাত লুটিয়াম 
নে,
কিতাপখন বন্ধ কৰিম।


নাকান্দিবা,
যি হবলৈ আছিল ইতিমধ্যে হৈ গল,
হাঁহা,
কাৰণ এনেকুৱা হৈয়েই।





তুমি কোনেও নেদেখাকৈ নৃত্য কৰি থাকিব পাৰা,
তুমি কাকো ক্ষতি নকৰাকৈ প্ৰেম কৰি থাকিব পাৰা,
তুমি কোনেও নুশুনাকৈ গীত গাই থাকিব পাৰা,
আৰু 
জীৱনটো এই পৃথিৱীখন স্বৰ্গ বুলি ভাবি কটাই থাকিব পাৰা।




কেতিয়াবা প্ৰশ্নবোৰ অতিকৈ জটিল হয়,
আৰু 
ইয়াৰ উত্তৰবোৰ তেনেই সৰল।





জীৱনটো আচলতে,
এখন চাইকেল চলাই থকাৰ নিচিনা,
ভাৰসাম্য বজাই ৰাখিবলৈ নিৰন্তৰ পেদেল্ মাৰি থাকিবই লাগিব।





"মই জীয়াই থকা জীৱনটো বিচাৰ কৰিবলৈ তুমি কোন?"
মই জানো মই নিঁখুত (perfect) নহয়,
কিজানি মই জীয়াই থাকিব নিবিচাৰো।
কিন্ত্ত,
মোৰ পিনে আঙুলি টোওৱাৰ আগতে নিজৰ হাতখন চাই লবা কিমান চিকুণ।



জীৱনটো WhatsApp ৰ
"Last Seen" ৰ নিচিনা,
সকলোৱে নিজৰটো লুকাব খোজে,
আৰু 
আনৰটো চাব খোজে।




দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে,
জীৱনে নহয়।




খঙৰ ধুমুহাৰ কোব এনে ধৰণৰ হয়,
যি বুদ্ধিৰ চাকিগচি নুমাই পেলায়।




সম্বন্ধ যিমানেই বেয়া নহওঁক কিয়,
ইয়াক একেবাৰে চিঙি পেলাব নালাগে,
কিয়নো,
অপৰিস্কাৰ পানী খোৱাৰ উপযোগী নহলেওঁ, 
জুই নুমুৱাৰ বাবে উপযোগী হয় ।



এটাৰ লগত আনটো খোপ্ জোৰা লগাই গলে শিকলি তৈয়াৰ হৈ যায়,
"কৰ্ম আৰু পৰিশ্রম"ক জোৰা লগাই গলে ভাগ্য তৈয়াৰ হৈ যায় ।




"ধনবান" হবলৈ এক এক কণ সংগ্ৰহ কৰিব লগা হয়,
আৰু 
"সফল ব্যক্তি" হবলৈ এক এক ক্ষণ সদ্উপয়োগ কৰিব লগা হয়।



এটি প্ৰশ্নৰ ইয়াতকৈ ভাল উত্তৰ আৰু কি হব পাৰে-

প্ৰশ্নটো আছিল এনে ধৰনৰ
"গাওঁ আৰু চহৰৰ মাজত তফাৎ কি?"

উত্তৰ : - গাওঁত কুকুৰ ৰাস্তাই ৰাস্তাই ঘুৰি ফুৰে আৰু গৰু ঘৰত আদৰেৰে পালা হয় য'ত নেকি চহৰত গৰু ৰাস্তাই ৰাস্তাই ঘুৰি ফুৰে আৰু কুকুৰ ঘৰত আদৰেৰে পালা হয় ।




নদীৰ পানী মিঠা,
কিয়নো ই সদায় প্ৰদান কৰি থাকে।

সাগৰৰ পানী লুণীয়া,
কিয়নো ই সদায় শোষণ কৰি থাকে।

নলাৰ পানী দুৰ্গন্ধময়,
কিয়নো ই সদায় ৰৈ থাকে।

জীৱনটোও আচলতে এয়েই,

যেতিয়ালৈকৈ প্ৰদান কৰি থাকিবা,
তেতিয়ালৈকে সকলোৰে বাবে তুমি মিঠা হৈ ৰ'বা।

যেতিয়া শোষণ কৰিবা,
সকলোৰে বাবে তুমি তিতা (লুণীয়া) হৈ ৰ'বা।

যেতিয়া ৰৈ যাবা,
সকলোৰে বাবে তুমি নিৰস (দুৰ্গন্ধময়)
হৈ ৰ'বা।


পিতৃ-মাতৃৰ হৃদয় জিনিলে তুমি জীৱনত সফল হবা,
নহলে গোটেই জীৱন যুঁজত তুমি জয়ী হৈও হাৰি যাবা ।